গাঁওৰ ঘৰ খণ্ড ১

নমস্কাৰ মোৰ নাম দেৱ, দেৱজিত শইকীয়া । আজি মোৰ বাবে এটা ডাঙৰ দিন । কিয়নো মই চৰকাৰী চাকৰি এটাত যোগদান কৰিবলৈ গৈ আছোঁ । আচলতে ভাবি চালে মোৰ চাকৰি কৰা দৰকাৰ নাই । দেউতা এজন অৱসৰপ্ৰাপ্ত চৰকাৰী উচ্চপদস্থ বিষয়া । দেউতাই গুৱাহাটী চহৰত ইমানখিনি সম্পত্তি কৰি থৈছে যে ভাড়াতীয়াৰ পৰাই মাহে লাখ লাখ টকা উপাৰ্জন হয় । কিন্তু নিজা বুলিবলৈও কিবা এটা লাগে সেইবাবেই মই মাহত 20 হাজাৰ মান টকা পোৱা চাকৰিৰ বাবে ঘৰৰ পৰা পৰাই 80কিঃমিঃ দূৰলৈ গুচি আহিলোঁ । অৱশ্যে মই এনেদৰে গুচি অহা আঁৰত 2টা প্ৰধান কাৰণ আছে। প্ৰথমটো হল যোৱা দুমাহ মান আগত মোৰ বহুবছৰীয়া প্ৰেমিকা জনীয়ে এৰি গুচি গল আৰু আনটো কাৰণ হল যত মোৰ চাকৰি হৈছে সেইখন মোৰ দেউতাৰ গাওঁৰ দাঁতিকাষৰীয়া গাঁও ।অৰ্থাৎ ঠাইখন অচিনাকি হলেও আপোন ঠাই , তাত এতিয়াও মোৰ দুয়োজন খুড়াৰ পৰিয়ালে বাস কৰে আৰু মইও তেওঁলোকৰ লগতে থাকিম । কিন্তু গুৱাহাটীৰ পৰা যিমানে দূৰলৈ গলো সিমানে মোৰ চাকৰি কৰা ইচ্ছা যেন কমি আহিল ।এনেকুৱা লাগিল যেন মই সময়ত পিছুৱাই গৈ আছোঁ । ভুটানৰ সমীপৱৰ্তী এখন ঠাই । নিকততম টাউন অতিকমেও 15কিঃমিঃ মান দূৰত হব । দেখিলে এনেকুৱা লাগে যেন এতিয়াও ইয়াত 1950 চন চলি আছে ।অৱশেষত গৈ গৈ মই মোৰ অফিচ পালো । অফিচ মানে সামান্য কোঠা এটা আৰু এজন স্থানীয় কৰ্মচাৰী । অফিছটো দেখিলেই গম পোৱা যায় যে ইয়াত কেতিয়াবাহে মানুহ আহে । কৰ্মচাৰী জনেও কৈ দিলে যে ইয়াত কাম বুলিবলৈ একো নাই সেইবাবে সদায় অহাৰ প্ৰয়োজন নাই মাহৰ মূৰত কেতিয়াবা এদিন আহিলেও হব । মোৰ একহিচাপে ভালেই লাগি গল কাৰণ এতিয়া মই এই পিছপৰা ঠাইখনত নাথাকিলেও হব । অলপ ছাঁ চিনাকি হোৱাৰ পিছত মানুহ জনে কলে যে এতিয়া তাত কোনো কাম নাই আৰু মই ঘৰলৈ যাব পাৰো । মইও তাৰ পৰা হাঁহিমনে উভতিব ধৰিলো এনেতে এবাৰ ভাবিলোঁ দেউতাৰ ঘৰখনত মাত এষাৰ দি যাও কিয়নো মই থাকিবলৈ আহিম বুলি আগতে খবৰ দি থৈছিলো সেয়ে এবাৰ দেখা দি দুপৰীয়াৰ আহাৰ সাজ খাই যাওঁ ।

বহুত সৰুতে আহিছিলোঁ মই ইয়ালৈ । এতিয়া বহুত সলনি হল । মানুহ বোৰক ৰাস্তা সুধি সুধি দেউতাৰ পুৰণি চুবুৰীটো গৈ পালোঁ অৱশেষত । জনসংখ্যা তেনেই কম ,দূৰ দূৰণিলৈ কোনো নাই । এইফালে মইও খুড়াৰ ঘৰ চিনি নাপাও ।মই গাড়ী খন ৰখাই ইফালে সিফালে চকু ফুৰালোঁ ,নাই কোনো নাই । শেষ এবাৰ চেষ্টা কৰোঁ বুলি আকৌ আগবাঢ়ি গলো । অলপ দূৰ গৈ দেখা পালোঁ এজাক সৰু সৰু লৰা ছোৱালীয়ে দৌৰি দৌৰি কিবা খেলি আছে । কিন্তু তাৰ মাজত এজনী দীপলিপ ধুনীয়া ছোৱালী । ছোৱালী বুলি কোৱা ভুল হব । ছোৱালী নহয় যেন অপেশ্বৰা হে । লাহি পাহি দেহা, দীঘল চুলি ,গাখীৰৰ দৰে বৰণ , ডাঙৰ ডাঙৰ চকু মুঠৰ সৌন্দৰ্যৰ প্ৰতিমূৰ্তি তাই । কেইমিনিত মান চাই থাকি মই তাইক খুড়াৰ ঘৰৰ কথা সোধাৰ বাবে আগবাঢ়ি গলো । তাই মোক এতিয়ালৈ দেখাই নাছিল । মই গৈ তাইৰ ওচৰ পালোঁ ,তাই মোৰ ফালে পিছমুৱা দি আছিল ।এনেতে এজনী ছোৱালীয়ে তাইক ধৰিবলৈ খেদা মাৰিলে আৰু তাই পিছফালে নোচোৱাকৈ মোৰ ফালে জোৰেৰে দৌৰ মাৰিলে । নজনাকৈয়ে তাই মোৰ গাত প্ৰচণ্ড খুন্দা মাৰিলে আৰু তাইৰ দেহৰ পৰশ পাই মোৰ বিদ্যুৎ পৃষ্ঠ হোৱা যেন লাগিল । তাই খুন্দা খাই পৰিব খুজোঁতে মই তাইক থাপ মাৰি ধৰিলো । অজানিতে মোৰ হাতখন তাইৰ লাহী পাহি পেটৰ ওপৰত পৰিল আৰু এনেকুৱা লাগিল যেন তাতেই মোৰ হাৰ্ট এটেক আহিব । কেইছেকেণ্ড মান তেনেকৈ থকাৰ পাছত মোৰ চেতনা ঘূৰি আহিল মই তাইক চিধাকৈ থিয় কৰাই দি ক্ষমা বিচাৰিলোঁ । তাইও ক্ষমা বিচাৰিলে আৰু মই দুখ পাইছোঁ নেকি সুধিলে । তাৰ পাছত মই মোৰ খুড়াৰ নামটো কৈ তাইক ঠিকনা সুধিলো । তাই আচৰিত হৈ মোৰ ফালে চালে আৰু ঠিকনাটো দিলে । কিন্তু তাই কথা কৈ থকা সময়ত মই ঠাই কোমল ওঁঠজুৰীৰ ফালেহে চাই থাকিলোঁ আৰু তাই কি কলে বুজিয়ে নাপালোঁ । মই আকৌ এবাৰ সুধিলোঁ তাই মোৰ ফালে কেৰাহীকৈ চাই ভালদৰে বুজাই দিলে । মই ধন্যবাদ কৈ মোৰ গাড়ীৰ ফালে গুচি আহিলোঁ । ছোৱালীক লগ পাই এনেকুৱা লাগিল যেন তাইৰ লগত মোৰ জনম জনমৰ সম্পৰ্ক ।ইয়াৰ লগে লগে তাত থকা সকলো বস্তু মোৰ ভাল লাগিব ধৰিলে ।লগে লগে মই সিদ্ধান্ত ললো যে মই আৰু কেইদিনমান ইয়াতেই থাকিম । আৰু কিয় জানো অজানিতে মোৰ সোঁ হাতখন, যিখনেৰে মই তাইৰ পেটটো ছুইছিলোঁ, তাত দীঘলীয়া চুমা এটা খাই দিয়া গল । মই চাৰিওফালে চকু ফুৰালোঁ কোনোবাই দেখিছে নেকি । দেখিলো ছোৱালী জনীয়ে মোৰ ফালেই চাই আছিল মই চোৱাৰ লগে লগে তলমূৰ কৰিলে, ভীষণ লাজ পালোঁ মই । অ লগে লগে তাৰ পৰা খুড়াৰ ঘৰলৈ গুচি গলো । বেছি দূৰ নাছিল 200মিটাৰ মান হব । কিন্তু কোনে কান্দি আছে খুড়াৰ ঘৰত? জানিবলৈ অপেক্ষা কৰক পৰৱৰ্তী খণ্ডলৈ ।

2য় খণ্ড সোনকালে পাবলৈ কমেণ্ট কৰক ।

3 thoughts on “গাঁওৰ ঘৰ খণ্ড ১”

  1. বহুত দিনৰ মূৰত ভাল কাহিনী এটাৰ আৰম্ভ হৈছে। আধাতে নেৰিব খালি লেখক মহোদয়।

    Reply

Leave a Comment

error: Content is protected !!