কামাতুৰ সীমা

নমস্কাৰ পাঠক বন্ধু সকল। জীৱনত প্ৰথমবাৰ এনেকুৱা বিষয়ৰ ওপৰত লিখিছো। কাৰোবাৰ গ্ৰহণযোগ্য নহ’লে ক্ষমা কৰিব।

এতিয়া কাহিনীটোলৈ আগবাঢ়িছো। মোৰ বিষয়ে ক’বলৈ গ’লে , নামটো উল্লেখ নকৰো। বয়স ২১ বছৰ। গাৰ বৰণ একেবাৰে বগাও নহয় আৰু মিঠা বৰণীয়া ও নহয়। Engineering শেষ কৰি অলপ ঘৰতে সোমাই আছো। সৰুৰে পৰা নাটক , ভাওনা আদিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিলোঁ। মই লিখিবলৈ ওলোৱা ঘটনাটো আৰম্ভ হৈছিল প্ৰায় এবছৰৰ আগত। আমাৰ গাঁৱৰ পৰা কিছু দূৰৈত থকা এখন গাৱৰ বন্ধু এজন এদিন আমাৰ ঘৰলৈ আহি ক’লেহি যে তাহাতৰ গাৱত নাটক এখনৰ কাম আৰম্ভ কৰিছে , আৰু মোক তাত এটি চৰিত্ৰত অভিনয় কৰিবলৈ অনুৰোধ কৰিলে। ময়ো নাটক বুলিলে বলিয়া আছিলো গতিকে পোনছাতেই কৰিম বুলি ক’লো।

পাছদিনা গধূলি প্ৰায় ছয়মান বজাত লগৰতোৰ গাঁৱত থকা হল( hall) টোত উপস্থিত হ’লোগৈ। লগৰটো মোলৈ ৰৈয়ে আছিল। মই অলপ অসহজ বোধো কৰিছিলো যিহেতু আন কাকোৱেই চিনি নাপাওঁ। তাত প্ৰায় পাঁচজন মান ল’ৰা আৰু ছয় – সাতজনী মান ছোৱালী আছিল। প্ৰথমে মই কাৰো ফালে ভালদৰে চোৱা নাছিলো , কাৰণ মই আগৰে পৰা ছোৱালীবোৰলৈ‌ অলপ লাজ কৰিছিলো।

অলপ পাছতে আমাক শিকাবলৈ চাৰ এজন আহি উপস্থিত হ’ল। প্ৰথমেই তেওঁ সকলোকে হাতে হাতে ধৰি ঘূৰণীয়া আকৃতিৰ হ’বলৈ ক’লে। মই ল’ৰা খিনিৰ শেষত আছিলো কাৰণে সিফালৰ ছোৱালীখিনিৰ প্ৰথম ছোৱালী জনী মোৰ কাষত ৰ’ল। মই তাইৰ ফালে নোচোৱাকৈয়ে হাত খন আগবঢ়াই দিলো। তাই ধৰো নধৰোকৈ হাতখন ধৰিলে। মোৰো‌ অলপ লাজ লাগিছিল, কিন্তু উপাই নাপাই ধৰিবলৈ বাধ্য হ’লো। অলপ সময় পাছত চাৰে হাতবোৰ এৰিবলৈ কোৱাত হাতখন এৰাই আনিলো। তাৰ পাছত চাৰে ক’লে যে আমাৰ লাজবোৰ ভাঙিবলৈ এটা খেল খেলাব। আমাক এজন ল’ৰা আৰু এজনী ছোৱালী হিচাপে থিয় কৰালে। তাৰ পাছত ইজনে সিজনৰ চকুলৈ চাবলৈ ক’লে। মোৰ বহুত লাজ লাগিছিল। মই হাতত ধৰা ছোৱালী জনীয়ে মোৰ লগত পৰিছিল। বহুসময় ইফালে সিফালে চাই হাত সৰাৰ পাছত এবাৰ ছাৰ আমাৰ ওচৰলৈ আহি চাবলৈ ধৰিলে , উপাই নাপাই তাইৰ চকুলৈ প্ৰথমবাৰৰ বাবে চালো। কাজলসনা এজোৰ কামাতুৰ চকু। তাইৰ মুখখন ভালদৰে লখ্য কৰিলো। বগাকৈ এজনী ধুনীয়া ছোৱালী। ওঠত পাতলকৈ lipstick লগাইছে। দেখি কিবা এটা ভাল লাগি গৈছিল। তাইয়ো মোৰ চকুলৈ একেঠৰে চাই আছিল। নাজানো লাজবোৰ ক’লৈ গুচি গ’ল। দুয়োটাই আপোন পাহৰা হৈ ইটোয়ে সিটোৰ চকুলৈ চাই আছিল। চাৰে very good বুলি চিঞৰি দিয়াত চক্ খাই গ’লো। ছোৱালীজনীৰ লগৰ বোৰে উকিয়াবলৈ ধৰিলে। দুয়োতাই বহুত লাজ পাইছিলো। হ’লেও চাৰে আমাৰ প্ৰসংশা কৰাৰ বাবে ভালো লাগিছিল।

চাৰে চৰিত্ৰ সমুহৰ বাচনি কৰিবলৈ আৰম্ভ কৰিছিল। নাটকৰ কাহিনীটো এটা প্ৰেম কাহিনী আছিল। এহাল প্ৰেমিক – প্ৰেমিকাৰ জীৱনৰ ওপৰত আধাৰ কৰি কাহিনীটো নিৰ্মাণ কৰা হৈছিল। চাৰে ক’লে যে কাহিনীটোৰ মুখ্য চৰিত্ৰ দুটা তেওঁ already ঠিক কৰিছে। কাহিনীটোৰ Male character টোৰ নাম আছিল নিলয় আৰু Female character টোৰ নাম আছিল সীমা। চাৰে মোক সেই নীলয় চৰিত্ৰটো আৰু সেই মোৰ লগত ৰোৱা ছোৱালী জনীক সীমা চৰিত্ৰটি দিছিল। মই তেতিয়া বুজিছিলো যে চাৰে সেই চকুলৈ‌ চোৱা খেলটো কিয় খেলাইছিল। গতিকে মই মোক নিলয় হিচাপে আৰু সেই ছোৱালীজনীক সীমা বুলি চিনাকি দিয়ে পাছৰ কাহিনীটো আগবঢ়াই নিম।

বাকী চৰিত্ৰ খিনি ভগোৱাৰ পাছত আমাক নিজৰ নিজৰ dialogue খিনি লৈ ল’বলৈ ক’লে। আমি ফটো মাৰি ল’লো। পাছদিনাৰ পৰা rehearsal আৰম্ভ কৰিব বুলি কৈ সেই দিনালৈ চাৰে সামৰিলে। যোৱাৰ সময়ত মই এবাৰ নোচোৱাৰ চলেৰে সীমালৈ চালো, কিন্তু আচৰিত ধৰণে তাইৰ চকুৱে চকুৱে পৰিল। তাই মোলৈ চাই মিচিকিয়া হাহি এটা মাৰি দিলে। মই লাজতে তল মূৰ কৰি ইফালে সিফালে চোৱাৰ ভেক্চন ধৰিলো।

আগলৈ

Leave a Comment

error: Content is protected !!